Saturday, 10 March 2018


দৈনন্দিন ১: বেঙেনা ভাজি

কেইমাহমান আগতে ঘৰৰ কিচেন গাৰ্ডেনত ৰুৱা বাৰমাহী বেঙেনা কেইজোপা এতিয়া ফলিলে....গছত লাগি থকা বেঙেনাবোৰ দেখি মোৰ দুবছৰীয়া জীয়ৰী হৰ্ষিনন্দিনীৰ আনন্দৰ সীমা নাই ।তাইক দেখিলে মাজে মাজে ভাব হয়,শিশুৰ নিচিনা হৈ থাকিব পাৰিলে কিমানযে ভাল আছিল...সৰু সৰু কথাতে কিজানিবা সুখ বিচাৰি পালোহেঁতেন !আজিকালি তাই মোক গছত পানী দিয়া দেখিলে আগবাঢ়ি আহি কয়..."দিতা (দেউতাটো তাই দিতা বুলি মাতে) মইও পানী দিম" আৰু আমি একেলগে শাক-পাচলিত পানী দিও ।

আজি আমি তাৰেই কেইটামান বেঙেনা চিঙি আনিলো আৰু হৰ্ষিয়ে মোক সুধিলে..."দিতা কি বনাবা ?" ওচৰতে থিয়হৈ থকা ককাকে ক'লে..."চুনুমুনি এইবোৰ ভাজিখাই ভাল লাগে ।" মই মনে মনে ভাবিলো কিবা এটা ট্ৰাই কৰি চোৱা যাওক ।




পাকঘৰলৈ গৈ বেঙেনাকেইটা সৰু সৰুকৈ, লগতে ৰঙচুৱা গুটি আলু বেঙেনাৰ সমান চাইজ্‌ত দুফালকৈ কাটি ললো ।ডাঙৰ পিয়াজ এটা কাটিলৈ ৰিং ৰিং কৈ উলিয়াই ললো । কেৰাহিটো গেচত উঠাই অকনমান সৰিয়হ তেলত প্ৰথমে পাঁচ ফোৰণ আৰু কেচা জলকীয়া দুটা ফালি দিলো । তাৰপিচত কেইখিলামান নৰসিংহ পাত দি, ৰিং আকাৰত কাটি থোৱা পিয়াজখিনি অকনমান কম ফ্লেমত ভাজি তাত বেঙেনা আৰু আলুখিনি দি দিলো ।হালধি আৰু নিমখ দি ঢাকনি লগাই দিলো । আলুবোৰ সিজাৰ পিছত আদা এটুকুৰা ৰুকনিৰে ৰুকি ওপৰত চটিয়াই এবাৰ ভালকৈ লৰাই পৰিৱেশন কৰিলো । সকলোৱে খাই বৰ ভাল পালে লগতে হৰ্ষিও আনন্দেৰে আলুবোৰ বাচি বাচি খালে ।




5 comments:

  1. আপোন হাত জগন্নাথ। নিজ হাতে চহ কৰা পাচলিৰ সোৱাদেই বেলেগ।

    ReplyDelete
  2. nije kheti kora aanodoi belg .logot xotej xak pacholi khabo pari .Aaru xundor likhoni pohri val lagile .aagoloi aaru pohribo pam aenekua likhoni aakha thakil..,,

    ReplyDelete